পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
নল-দময়ন্তী।


যমৰাজ এক মন্ত্ৰ কৰিলা অৰ্পণ।
ক্ষণেক মাত্ৰতে পাৰে কৰিৰে ৰন্ধন॥

–:0:–

দময়ন্তীৰ স্বয়ম্বৰ।

হেনমতে নলক প্ৰবোধি দেৱগণ।
স্বয়ম্বৰ স্থানে সৱে কৰিলা গমন॥
সভা মাঝে বসে আসি নল গুণাকৰ।
তৰাৰ মাঝত যেন শোতে শশধৰ॥
তান ৰূপ দেখি চমকিত ৰাজাগণ।
মনত গুণন্ত বৃথা কৈলো আগমন॥
জ্বলে কোটী সূৰ্য যিনি ইহাৰ শৰীৰ।
নিশ্চয়ে ভজিব কন্যা নল মহাবীৰ॥
কণাকণি কৰি বোলে যত ৰাজাগণ।
নলৰ ৰূপৰ কথা নবাই বৰ্ণন॥
দময়ন্তী নভজিল দেৱতাৰ ঝাক।
সেহি ক্ৰোধে দেৱগণ আসিলা সভাক॥
বাসৰ বৰুণ বহ্নি যম চাৰিজন।
দময়ন্তী কন্যা প্ৰতি আতি ক্ৰোধ মন॥
যৈত বসিয়াছে নল নৈষধৰ পতি।
তৈত গৈয়া দেৱগণ বসে মায়া পতি॥
একাকৃতি পঞ্চনল বসিলা সভায়।
ভিলাৰ্দ্ধ প্ৰভেদ নাহি পঞ্চজন কায়॥