পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
নল-দময়ন্তী।


লোতক মছিয়া কন্যা কৰযোড়ে কয়।
তোমাক বৰিবো মই নাহিকে সংশয়॥
দেৱগণ সঙ্গে তুমি আসা স্বয়ম্বৰে।
সভাৰ মাঝত মই ভজিবো তোমাৰে॥
দেৱগণ আগে কৰা আমাৰ বচন।
মানুষীৰ হেতু কিয় কৰে আকিঞ্চন॥
নৰকন্যা হওঁ মই জনম ভূতলে।
নৰকন্যা দেৱ ভোগ্যা হোৱে কোনকালে॥
প্ৰণিপাত কৰি দেৱে কৰা নিবেদন।
নলৰ চৰণে মই সঁপি আছো প্ৰাণ॥
শুনি দময়ন্তী বাক্য নল নৰপতি।
হৰ্ষ বিষাদিত মনে চলে শীঘ্ৰগতি॥
দেৱগণ আগে ৰাজা সকলে কহিল।
দময়ন্তী সঙ্গে হেথা যেন কথা ভৈল॥
শুনি দেৱগণ আতি সন্তুষ্ট হুইলা।
নলে সাধুবাদ দিয়া আশীৰ্ব্বাদ কৈলা॥
বৰুণ বুলিলা পাছে নলক সম্বোধি।
মোৰ মন্ত্ৰ শুনা তুমি নল দীৰ্ঘ বুদ্ধি॥
পৰম কৌতুকে মই দিলো মন্ত্ৰখানি।
বিনা যত্নে জল তুমি পাইবা আপুনি॥
অগ্নি দিলা এক মন্ত্ৰ কৰিয়া যতন।
বিনা অগনিতে তুমি কৰিবা ৰন্ধন॥