পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
নল-দময়ন্তী।


শত অশ্বমেধ ফলে হোৱে বজ্ৰধাৰী।
তান পটেশ্বৰী হুইবা মানা ভাগ্য কৰি॥
বাসব বৰুণ বহ্নি যম চাৰিজন।
কঠোৰ তপক কৰি নপাই দৰিশন॥
তোমাৰ আশাক কৰি আসে চাৰিজনা।
হেন অযুগুত কিয় বোলা সুলোচনা।
দেৱতা ত্যজিয়া নৰে কিয় কৰা মতি।
জানিলো তোমাৰ মই আতি বুদ্ধি চুটী॥
মানবী দেহাত আছে বহুতৰ দোষ।
ইন্দ্ৰৰ ইন্দ্ৰাণী হুয়া হুয়োক সন্তোষ॥
কন্যা বোলে নৰনাথ কৰিছো প্ৰণতি।
নল মোৰ প্ৰাণ ধন নল মোৰ পতি॥
নল বিনা আন পুৰুষত নাহি মতি।
এহি দৃঢ় বাক্যে মোৰ তোষা শচীপতি॥
দেৱ মানুষত প্ৰীতি নহৱে উচিত।
দেৱতা পৰম গুৰু শাস্ত্ৰৰ বিহিত॥
শুভকাৰ্য্য়ে বিলম্ব ন কৰা মহামতি।
গলে মালা দিবো ৰাজা দিয়া অনুমতি॥
নল বোলে এই কাৰ্য্য় অত্যন্ত অধৰ্ম্ম।
দূত হুয়া কেনমতে কৰো হেন কৰ্ম্ম॥
হেন নিদাৰুণ বাক্য শুনি সেহি বেলা।
আঁখি ঢুলু ঢুলু কন্যা কহিবে লাগিলা॥