পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
নল-দময়ন্তী।


ইন্দ্ৰ দিলা মহামন্ত্ৰ কৰিয়া যতন।
তাহাৰ প্ৰভাবে মই আসো এহি খান॥
মন্ত্ৰৰ মহিমা কৈতে শক্তি আছে কাৰ।
অদৃশ্য হুইবে পাৰি প্ৰভাবে ইহাৰ॥
যাৰ পাশে আসো মাত্ৰ দেখে সেহি জন।
সংশয় নেমানা কন্যা স্বৰূপ বচন॥
নিজ পৰিচয় দিলো শুনা গুণৱতী।
কাক পতি ভজা কহা তুমি শীঘ্ৰগতি॥
সমাচাৰ দিয়া মোক ভীমৰ নন্দনী।
চলিযাওঁ ভৈল আবে ৰাতি ভালে খিনি॥
দময়ন্তী বোলে শুনা আমাৰ বচন।
হেন অনুচিত কথা কহা কি কাৰণ॥
হংস মুখে শুনি মই নলৰ বৰ্ণনা।
স্বামীৰূপে তাঙ্ক মই কৰিলো তজনা॥
সঁপি আছো নলপদে যৌবন আমাৰ।
নল স্বামী তাত বিনে কেহ নোহে আৰ॥
এজনৰ পত্নী হুয়া আনক ভজয়।
দ্বিচাৰিণী বুলি তাক মুনিগণে কয়॥
মুখত অমিয়া হাসি বুলিলা ৰাজন।
অযুগুত কথা কন্যা বোলা কি কাৰণ॥
ইহলোকে যপ যজ্ঞ ব্ৰতক আচৰে।
সবাৰো কামনা অন্তে স্বৰ্গ ভোগ কৰে॥