সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


সত্য পৰিচয় যদি নেদেই আমাক।
সত্যে সত্যে শাপি ভস্ম কৰিবো ইহাক॥
কন্যাৰ বাক্যত ৰাজা শঙ্কিত হুইলা।
মেঘৰ গম্ভীৰ স্বৰে বুলিবাক লৈলা॥
শুনা দময়ন্তী কহো স্বৰূপ বচন।
নল মোৰ নাম বাৰ সেনৰ নন্দন॥
তোমাৰ পাশক মই আসো যি কাৰণে।
শুনা কন্যা কহো মই অকপট মনে॥
অনল বৰুণ যম সহস্ৰ লোচন।
দূত কাৰ্য্যে মোক বৰি পাঠইল ইথান।
তুৱা স্বয়ম্বৰ শুনি আসে চাৰিজন।
কাহাক ভজিবা তুমি কহা এতিক্ষণ॥
নলৰ বচন শুমি দময়ন্তী কয়।
কেন মতে আইলা তুমি দিয়া পৰিচয়॥
দুৱাৰক ৰাখে মোৰ লক্ষ লক্ষ দ্বাৰী।
সিসব লঙ্ঘিয়া তুমি আইলা কেনকৰি॥
মনুষ্যৰ কথা মই কিকৈবো তোমাত।
দেৱৰ নাহিকে শক্তি প্ৰবেশে পুৰীত॥
অবশ্যে হুইবা তুমি মায়াবী দুৰ্জ্জন।
নতুবা কিমতে তুমি কৈলা আগমন॥
নল বোলে কিবা কাৰ্য্য় মায়াৰ প্ৰকাশ!
কিঞ্চিতো তোমাত মোৰ নাহি অভিলাষ॥