পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
নল-দময়ন্তী।


ছাটী ফুটী কৰে গাৰ নাহি সুখলেশ।
নলৰ চিন্তায়ে মগ্ন পাগলিনী বেশ॥
ক্ষণে উঠে ক্ষণে বৈসে ক্ষণেকে শয়ন।
কেন মতে পাওঁ নলে ভাবে অনুক্ষণ॥
সেহি সময়ত উপস্থিত আসি নল।
দোহো দোহাকাৰ ৰূপে ভৈলাহা ব্যাকুল॥
নিৰখি নলৰ ৰূপ মুগ্ধ ভীমসুতা।
ওৰণী টানিয়া লৈলা হুয়া লজ্যা যুতা॥
ওৰণীৰ আঁৰে তাঙ্ক চাহি ঘনে ঘন।
সখীক সম্বোধি পাছে বুলিলা বচন॥
বাক্য সুললীত আতি কোকিলক জিনি।
মৃদুস্বৰে সুধিবাক লৈলা নিতম্বিনী॥
কোন তেহোঁ আসিয়াছে ৰূপ মনোহৰ।
কুমুদৰ মাজে যেন শোভে শশধৰ॥
কৈত ঘৰ কিবা নাম কাহাৰ নন্দন।
কোন হেতু মোৰ হেথা কৰে আগমন॥
দেৱতা গন্ধৰ্ব্ব যক্ষ কিবা বেশধাৰী।
দুৱাৰক লঙ্ঘি হেথা আইলা কেন কৰি॥
মানুষত কৈত নাহি শুনো হেন রূপ।
দেৱতা নহৱে যদি হুইবে নলভূপ॥
এই ঘোৰ ৰাতি তাতে আমি তিৰাজাতি।
কোন বেশধাৰী সোধা ভ: পাওঁ আতি॥