পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
নল-দময়ন্তী।


শুনা দেৱগণ কহো কৰি প্ৰণিপাত।
কেনমতে যাইবো মই কন্যাৰ সাক্ষাত॥
দুৱাৰক ৰক্ষা কৰে লক্ষ লক্ষ দ্বাৰী।
অন্তেষ পুৰত মই যাওঁ কেনকৰি॥
ইন্দ্ৰে বোলে যদি তুমি কৰা অঙ্গীকাৰ।
তাহাৰ উপায় মই কহো সাৰোদ্ধাৰ॥
দিলো এহি মন্ত্ৰ খানি জপা ভক্তি ভাৱে।
অদৃশ্য হুইবা তুমি ইহাৰ প্ৰভাবে॥
দেখিবেক সেহি মাত্ৰ যাৰ পাশে যাইবা।
আন কেওঁৱে তোমাক দেখিবে নপাইবা॥
আওঁৰাই মন্ত্ৰখানি নল নৰপতি।
চলি গৈলা শীঘ্ৰ বেগে সখা দময়ন্তী॥
গড়ৰ দুৱাৰে ভৈলা ৰাজা উপনীত।
খাণ্ডা বাৰু লৈয়া দ্বাৰী আছে দুৱাৰত॥
কাৰো হাতে ধনুশৰ-দেহা খুলন্তৰ।
কেহো জাঠি লৈয়া হাতে আতি ভয়ঙ্কৰ॥
ক্ষণে ক্ষণে গেড়ি দিয়া আটাসক পাৰে।
মানুষৰ কথা এড়া দেৱতায়ো ডৰে॥
মন্ত্ৰৰ প্ৰভাৱে কেওঁৱে নেদেখে ৰাজাক।
এহিমতে সপ্তদ্বাৰ এড়াইলা ক্ষণেক॥
যৈত আছে দময়ন্তী সখীগণ মাঝে।
যাৰ মাঝত যেন কুমুদিনী সাজে॥