পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
নল-দময়ন্তী।


পুণ্যশ্লোক নলৰাজা বোলে সৰ্ব্বজন।
দূত কৰি ইহাক পঠাওঁ এতিক্ষণ॥
হেন মতে আলচ পাতিয়া দেবগণ।
নলৰ পাশক আসি বুলিলা বচন॥
শুনা নলৰাজা তুমি অতি গুণাকৰ।
ইন্দ্ৰ অগ্নি যম যে বৰুণ বৈশ্যানৰ॥
মোৰা সবে দেৱগণ দিলো পৰিচয়।
সাধাহা দেবৰ কাৰ্য্য উচিত যিহয়॥
ভীমসুতা দময়ন্তী পৰম সুন্দৰী।
লভিবো সি কন্যা মনে অভিলাষ কৰি॥
পৰম সুন্দৰ তুমি মহা পুণ্যবান।
তোমাক দেখিলে কন্যা দিবে মাল্যদান॥
এক কাৰ্য্য় কৰা তুমি বীৰসেন পুত।
যোৱা তুমি আবে আমাসাৰ হুয়া দূত॥
আমাসাৰ বাৰ্ত্তা কোৱা দময়ন্তী পাশে।
তোমাক ভজিবে লাগি দেবগণে আসে॥
ইন্দ্ৰ অগ্নি যম আৰু জল অধিপতি।
যাকে ইচ্ছা ভজা তুমি কৰি নিজ পতি॥
আমাসাৰ বাক্য ৰাখা শুনা পুণ্যশ্লোক।
ঘুষিবেক তযু কীৰ্ত্তি পৃথিবীৰ লোক।
শুনি দেৱগণ বাক্য নল নৰপতি।
কহিবে লাগিলা কথা কৰিয়া কাকুতি॥