পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
নল-দময়ন্তী।


দেৱতা সকলৰে নলৰ সাক্ষাত
আৰু দেৱ-দূতহৈ দময়ন্তীৰ
অন্তঃপুৰে প্ৰবেশ।

পদ।  কদম্বৰ তলে বসি নল মহামতি।
 ইন্দ্ৰ অগ্নি যম আৰু জল অধিপতি॥
 বিদৰ্ভ দেশক গৈলা আতি ৰঙ্গ মনে।
 উপনীত ভৈলা আসি নলৰ সদনে॥
 দময়ন্তী কন্যাক পাইবে কৰি আশ।
 নলৰ ৰূপক দেখি ভৈলেক হতাশ॥
 আলচ পাতিয়া ইন্দ্ৰ আদি চাৰি দেৱে।
 পৰস্পৰে বোলে কন্যা নপাইবো কেওঁয়ে॥
 আতি বিতোপন ৰূপ নল নৃপতিৰ।
 নিশ্চয়ে ভজিব কন্যা নল মহাবীৰ॥
 ইন্দ্ৰবোলে শুনা যম আমাৰ বচন।
 দময়ন্তী অৰ্থে মৰ্ত্ত্যে নকৰা গমন॥
 সূৰ্য্য়তো অধিক কান্তি নলৰ দেহাত।
 আক এড়ি দময়ন্তী ভজিবনো কাত॥
 এনুয়া ৰূপক দেখি নিশ্চয়ে মজিব।
 দেখিবা মাত্ৰকে আসি ইহাক ভজিব॥
 অগ্নি বোলে ইন্দ্ৰ তুমি মোৰ বাক্য ধৰা।
 নলৰ পাশক যাওঁ আসা কৰি ত্বৰা॥