পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


সৰোবৰ তীৰে,  কদম্বৰ মূলে,
 বসিয়াছে এক ভূপ॥
তাৰ ৰূপ দেখি,  ব্যাকুল ভৈলোহো,
 শুনা কহো প্ৰাণসখী।
সূৰ্যাৰ সদৃশ,  উজ্বলিছে দিশ,
 মুখ তাৰ পূৰ্ণশশী॥
আজানুলম্বিত,  ভুজ সুশোভিত
 হৃদয় বহল আতি।
ৰূপ মনোহৰ,   কন্দৰ্প আকাৰ
 সিংহৰ সদৃশ কটী
মহা বলবান,   কি কৈবো কথন,
  যেন মদমত্ত হাতী।
মেঘৰ গৰ্জ্জন,   সদৃশ বচন,
 শ্ৰাব্য গম্ভীৰ আতি।
ধ্বজ বজ্ৰাঙ্কুশ,  পদতলে ৰেখ,
 ৰাজচক্ৰবৰ্তী প্ৰায়
সামান্য যি জন   নোহে কদাচন
  সিংহৰ সদৃশ কায়
নৈষধত ঘৰ,  শুনো পৰস্পৰ,
 পুণ্যশ্লোক নাম তাৰ।
দেবী ভগৱতী,  তোত দায়া আতি
 আনি আছে যোগ্য বৰ॥

⸻:0:⸻