পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
নল-দময়ন্তী।


ছবি।

বসিয়াছে ৰাজা নল,  উপনীত সেহি স্থল,
 ভৈল আসি যতেক লিগিৰী।
নিৰখি নলৰ ৰূপ,  উত্তলিল কাম কূপ,
 ঘনে ঘনে তাঙ্ক চাৱে ফিৰি॥
কামে বিমোহিত হুয়া,  উদঙ্গ তৈলেক কায়া,
 তথাপিতো নাহি একো লাজ।
বহে মলয়াৰ বাও,  কুলিয়ে কাঢ়িছে ৰাও,
 পাসৰিলা সবে গৃহ কাষ॥
শুনিয়োক সভাসদ,  ইটো ভাৰতৰ পদ,
 বঢ়া টুটা দোষ ক্ষমা কৰি।
পুটাঞ্জলি কৰে স্তুতি,  বোলে পূৰ্ণ অল্পমতি,
 সঘনে ঘুষিয়ো ৰাম হৰি॥

⸻::⸻

দময়ন্তীৰ আগত নলৰ ৰূপ বৰ্ণনা।

দুলড়ি। যতেক ৰূপসী,  অন্তঃপুৰে আসি,
 বৈদভীক লাগ পাই।
কহিবে লাগিল,  যি ৰূপ দেখিলা,
 নলৰ ৰূপ বৰ্ণাই॥
শুনা দময়ন্তী,  সখীয়ে বদতি,
 দেখিলে আজি যিৰূপ।