পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
নল-দময়ন্তী।


দুঃখত নিস্তাৰে সেহি হেতু দুৰ্গা নাম।
দুৰ্গা নামে সিদ্ধি হোৱে ধৰ্ম্ম অৰ্থ কাম॥
এতেক গুণিয়া কন্যা দুৰ্গাক ধীয়াই।
ফল ফুল উপহাৰে পূজন্ত সদাই॥
কায়মনোবাক্যে কৰে ভৱানীক পূজা।
তাহাৰ ভক্তিত তুষ্টা ভৈলা দশভুজা॥
দৈববাণী কৈলা আই বিমানত থাকি।
নলক পাইবা তুমি থাকাহা অপেক্ষি॥
দৈববাণী শুনি আনন্দিতা ভৈলা ৰামা।
পদছন্দে নিবন্ধিলা পূৰ্ণকান্ত শৰ্ম্মা॥

সখীগণৰ নল দৰ্শন আৰু দময়ন্তীৰ
আগত নলৰ ৰূপ বৰ্ণনা।

পদ।  হেথা নল নৰপতি বিদৰ্ভত আসি।
 সৰোবৰ তীৰে এক কদম্ব নিৰখি॥
 তৈতে বসিলন্ত ৰাজা শ্ৰান্ত কলেৱৰ।
 সুশীতল বহে বায়ু জুৰাই শৰীৰ॥
 সত্যৱতী আদি দময়ন্তীৰ লিগিৰী।
 ৰাজপুত্ৰগণে চাহি ফুৰে ধীৰি ধীৰি॥
 কৈতো নেদেখিলা দময়ন্তী তুল্য ৰূপ।
 নাধৰিল তাসম্বাৰ মনে কোনো ভূপ॥