পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
নল-দময়ন্তী।


শুদ্ধ চিত্তে জপা আৰু অষ্ট শত বাৰ।
ছয়দণ্ড কালে যাইবা পথ মাসেকৰ॥
সিদ্ধ মন্ত্ৰ পাই নল ভৈলা হৃষ্ট মতি।
ভক্তিভাৱে ভবানীক কৰিলা প্ৰণতি॥
অন্তৰ্ধ্য়ান ভৈলা তেবে দেবী ভগৱতী।
বিদৰ্ভক চলে নল মানসৰ গতি॥
ঘোড়াত চড়িয়া নল চলে মন্ত্ৰ বলে।
নানা মত সুমঙ্গল কৰয়: সকলে॥
মুখ্য সেনাপতি প্ৰতি বুলিলা বচন।
চতুৰঙ্গ দলে সাজি আসা এতিক্ষণ।
সঙ্গৰ যতেক লোক পাছতে থাকিলা॥
ছয় দণ্ড কালে নল বিদৰ্ভক গৈলা॥
পুণ্যশ্লোক নল কথা এৰি মনে থওঁ।
দময়ন্তী কথা আবে বিবৰিয়া কওঁ॥

⸻:0:⸻

দময়ন্তীৰদেবীপূজা।

পদ।  ওৰে দিন ওৰে ৰাতি ভাবে গুণৱতী।
 কেনমতে নলক পাইবো মই পতি॥
 সকলোৰে অন্তৰযামিনী কাত্যায়নী।
 তাহাঙ্ক পূজিলে মই পাইবো গুণমনি॥