পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


আম জামু কঠাল যে কদম্ব বকুল।
শেল শূল ধৰি কৰে শীতক আকুল॥
জাতি যুতি গুটীমালী আদি বীৰগণ।
নাগেশ্বৰ গোলাপ মল্লিকা অগণন॥
মাৰে মাৰো শব্দ কৰি চতুৰ্দ্দিশে ধায়।
শীতৰ যতেক বীৰ লড়িয়া পলায়॥
বসন্তৰ জয় দেখি মলয়া পবন।
ঘৰে ঘৰে সমাচাৰ দিলা তেতিক্ষণ॥
বসন্তৰ আগমন দেখি পিকচয়।
বৃক্ষ ডালে বসি গীত মধুৰ গাৱয়॥
মধুপানে মত্ত হুয়া উদ্যান ভিতৰে।
গুণ গুণ ৰবে গান গাৱে মধুকৰে॥
হুইলে কামৰ বশ ঘটয় জঞ্জাল।
ভৈলেক ব্যাকুল কন্যা বসন্তৰ কাল।
সত্যৱতী চন্দ্ৰকলা আৰু ৰত্নাৱতী।
জয়াৱতী আদি চাৰি সঙ্গত যুবতী॥
উদ্যানৰ মাঝে সবে কৰিলা প্ৰবেশ।
অগনি জ্বলয় দেহে মদনে আবেশ॥
মল্লিকা মাধৈমালতী যুতি জৱা ফুটে।
বিৰহিনী দময়ন্তী কাম শৰে টুটে॥
পাগলিনী দময়ন্তী লগাইলেক মাত।
শুনাহা কেতকী বাই, কামৰ কৰাত॥