সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
নল-দময়ন্তী।


কন্টকে লিপিত দেহা আতিকে নিষ্ঠুৰ।
তোমাত নাহিকে মধুগন্ধ বহুদূৰ॥
চম্পাৰ কলিকা তুমি মদনৰ শূল।
বিৰহীক বধিবে তুমিসে আদি মূল॥
এহিমতে বিনাই কন্যা কাননে ভ্ৰময়।
সহচৰীগণে আসি ধৰিয়া বৈসায়॥
সত্যৱতী বোলে সখি মোক দিয়া মাত।
কি ভৈল তোমাৰ আজি কহিয়ো আমাত॥
লাজে দময়ন্তী একো কথা নকহয়।
বুঝি সখীগণ মিলি ৰাণীক বোলয়॥
শুনা শুনা ৰাজৰাণী বেজাৰৰ কথা।
চক্ষু মেলি দেখা আই দমইৰ অৱস্থা॥
গাভৰু ভৈলেক কন্যা নিদিয়া বিবাহ।
কেনমতে সহা প্ৰাণে নাহি কিছু স্নেহ।
গুণৱতী দময়ন্তী লাজত নোবোলে॥
হিয়াত সততে তাৰ কাম বহ্নি জ্বলে।
তাম্বুলী ফড়িঙ্গ যেন দময়ন্তী সতী।
চিন্তাত সুখাই কৃষ্ণবৰ্ণ ভৈলা আতি॥
নাহিকে গাভৰুগাড়ী শৰীৰে তোমাৰ।
তথাপিতো নেড়া তুমি সঙ্গক ৰাজাৰ॥
কিনো বিপৰীত ভৈলা কালৰ লক্ষণ।
আপোন জীয়াৰী সুখে মাৱৰ নাহি মন॥