পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
নল-দময়ন্তী।


হংসে বোলে কন্যা তুমি স্থিৰ কৰা মতি।
নলক পাইবা তুমি পূজা ভগৱতী॥
প্ৰবোধি কন্যাক হংস বিমানত চড়ি॥
নলৰ সমীপে তেৱে চলি গৈলা উড়ি।

⸻:•:⸻

দময়ন্তীৰ বিৰহ আৰু বসন্ত বৰ্ণনা

পদ।  হংস মুখে শুনি কন্যা নলৰ কাহিনী।
  একচিত্ত মনে তাঙ্ক ধিয়াইলা ধনী॥
  মদনৰ ৰানে তাইক দহয় সঘনে।
  ভাত পানী নুৰুচয় কান্দে ৰাত্ৰি দিনে॥
  ফুকাৰিয়া কান্দিবাক নপাৰয় ধনী।
  হিয়াত জাগিছে সদা নলৰূপ খানি॥
  শয়নে সপোনে কন্যা নলক দেখয়।
  নলেসে জপৰ মালা বুলিয়া জানয়॥
  কেনমতে পাওঁ নলে চিন্তয় সততে।
  থাকি থাকি দময়ন্তী নল বুলি মাতে॥
  ভৈলেক বসন্ত দেৱ উদয় ভূমিতে।
  শীতক যে অন্ত তেহো কৰিবাক হন্তে॥
  ইকথা শুনিবা বীৰ শীত মহাবল।
  সাজিয়া আসিলা লৈয়া নিজ দলবল॥
  বসন্তৰ সেনাপতি হোৱে কামদেব।
  শৰাসনে যুড়ি শৰ সমৰ কৰয়॥