পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
নল-দময়ন্তী।


তোমাৰ ভাগ্যত যদি পতি হোৱে নল।
তেবেসে জানিবা তোৰ যৌবন সফল॥
হংস মুখে শুনি কন্যা এতেক কাহিনী।
কন্দৰ্পে বিন্ধিলে তাইক ফুলশৰ হানি॥
প্ৰকাশিল নলৰূপ হৃদয়ৰ মাজে।
কাকুতি মিনতি কৰি কহে হংসৰাজে॥
কি কহিলা হংসৰাজ কহা পুনৰ্ব্বাৰ।
সেহিৰূপ শুনি মই ভৈলোহো অস্থিৰ॥
অকস্মাত তোৰ মুখে তান কথা শুনি।
চঞ্চল ভৈলেক আবে মোৰ জীৱ খানি॥
নিশ্চয়ে জানিলো মোৰ পতি সেহি জন।
মিলন কৰোৱা পক্ষী লইলো শৰণ॥
কটকী হুইয়া মোৰ যাহা এতিক্ষণ।
মোৰ কথা তৈত গৈয়া কৰাহা বৰ্ণন।
তোমাক কৰিয়া সাক্ষী কৰিলোহো পণ।
সমৰ্পিলো নল পদে আমাৰ যৌবন ॥
নল মোৰ প্ৰাণ ধন নল মোৰ পতি।
পুণ্য শ্লোক নল বিনে নাহি মোৰ গতি॥
নলক নপাওঁ যদি ত্যজিবো শৰীৰ।
সত্যে সত্যে কহো মই এই কথা স্থিৰ॥
ইন্দ্ৰ চন্দ্ৰ আদি দেৱে নাহি মোৰ মতি।
নলক ভজিলো মই নল প্ৰাণ পতি॥