পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
নল-দময়ন্তী।


হেন মতে দময়ন্তী ভ্ৰময় কাননে॥
উপনীত ভৈলা হংস তাহাৰ সদনে।
স্বৰ্ণময় পক্ষী গোটা দেখি ৰাজবালা॥
ধৰিবাক লাগি পাছে ক্ষণেকে ধাইলা।
পাকত ঘূৰয় হংস ধৰা নাহি দেয়।
ছেগচাই ফুৰে কন্যা পাছক নেড়য়॥
জেটেলু পকাৰে তাইৰ আছুৰিল গাৱ।
উলুফিচিকায়ে বহু বিন্ধিলেক পাৱ॥
ছেঙ্গেৰা পখৰা গাৱ ভৈলেক তাহাৰ।
তথাপিতো খেদে হংসে নাহিকে ভাগৰ॥
প্ৰচণ্ড ৰৌদ্ৰত আতি ক্লান্ত কলেৱৰ।
ঘৰ্ম্ম বহি যায় তাইৰ যুড়িয়া শৰীৰ॥
ক্লান্ত ভৈলা ৰাজসুতা নাহি বল বুদ্ধি।
দেখি হংসে বুলিলেক কন্যাক সম্বোধি॥
শুনা গুণৱতী কন্যা কহো হিতবাণী।
কি কাৰণে পৰিশ্ৰম কৰাহা আপুনি॥
পক্ষীজাতি হও মোক ধৰা কি কাৰণ।
নলক ধৰিবে লাগি চিন্তাহা এখন॥
তোমাৰ ৰূপৰ যোগ্য নল মহামতি।
তাহাঙ্ক বৰাহা তুমি কৰি নিজ পতি॥
কন্দৰ্প জিনিয়া ৰূপ গুণে গুণবান।
নলৰ সদৃশ কেহো নাহিকে সুঠান॥