পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
নল-দময়ন্তী।


ভীমৰ কন্যাক মোৰ কথাক কহিবা।
প্ৰত্যুত্তৰ যিবা দিয়ে বাতৰি আনিবা॥
এহি উপকাৰ হংস কৰাহা আমাত।
বন্দী হুয়া ৰৈবো মই তোমাৰ গুণত॥
হংসে বোলে নৰপতি নিচিন্তিবা আন।
সত্যে সত্যে মই মিলাইবোহো দুইজন॥
প্ৰতিজ্ঞা শুনিয়া নল হংসক ত্যজিলা।
বিমানত উড়ি হংসে গমন কৰিলা॥

⸻:0:⸻

দময়ন্তীৰ উপবন ভ্ৰমণ আৰু
হংসেৰে সাক্ষাৎ।

পদ।  একদিনা দময়ন্তী সখীগণ সঙ্গে।
 উপবনে ভ্ৰমণ কৰয় অতি ৰঙ্গে॥
 টেপোলা টোপোলে ফুল কৰি আহৰণ।
 মলা চাকী গান্থে সুখে আতি বিতোপন॥
 ৰিহাৰ আঞ্চলে কোনো জনী তোলে ফুল।
 কেনোজনি পেচোনাত আনয় বকুল॥
 কেনোজনী তোলে ফুল অশোক সুন্দৰ।
 মালাতীক তোলে কেহো আনন্দে বিভোৰ॥
 কোনোজনী সখীয়ে বা লয় লাস কৰি।
 ভীমৰ কন্য়াক চম্পা পিন্ধাই খোপাভৰি॥