এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২ | নল-দময়ন্তী |
খোপাৰ ওপৰে, মালতীৰ চাকি,
মেঘত বিজুলি যেন।
দশন মুকুতা, নাসা তিল ফুল,
মোহ যান্ত দেৱগণ॥
নবীন যৌবনা, সুন্দৰী ললনা,
মৃণাল সদৃশ ভুক্ত।
তাহাৰ মুলত, যুগল দাড়িম্ব
প্ৰস্ফুটিত কৰান্বুজ॥
নাভী সৰোবৰ, অত্যন্ত গভীৰ,
কিবা তাৰ ক্ষীণ মাঝ।
দেখন্তে তৃপতি, বিতোপন আতি,
দেখি সিংহে পায় লাজ॥
জঘন সুন্দৰ, দেখিয়া তাহাৰ।
ধূলামগ্ন কৰাবৰ।
গজেন্দ্ৰ গমন, দেখি ৰাজ-হংস
জলত ঢাকে শৰীৰ॥
পদ। হংস মুখে শুনি বাজা এতেক ভাৰতী।
দময়ন্তী চিন্তাত মগন ভৈলা আতি॥
হংসৰ বচন সত্য জানিলো নিশ্চয়।
কেন মতে পাওঁ তাইক ভাবে মহাশয়॥
কহিতে লাগিলা হংসে হুইয়া বাকুল।
যোৱা পক্ষীৰাজ তুমি ভৈলোহো আকুল॥