পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
নল-দময়ন্তী।


সসাগৰা পৃথিবী তোমাৰ অধিকাৰ।
স্বৰ্ণ পাখীয়েনো কি সাধিব উপকাৰ॥
বিপদে শৰণাগত ভৈলোহো তোমাৰ।
ৰাখা প্ৰাণ মই সাধিবোহো উপকাৰ॥
বিদৰ্ভত আছে কন্যা দময়ন্তী সতী।
ইন্দ্ৰৰ ইন্দ্ৰানী কিংবা মদনৰ ৰতী॥
তাহাৰ ৰূপৰ তুল্য নোহে কোন জনা।
কহিলো স্বৰূপ বাক্য ৰাজা তুমি শুনা॥
তাৰ ফুলনাত মোৰ গতায়াত আছে।
তোমাৰ ৰূপৰ কথা কৈবো তাৰ কাছে॥

⸻:0:⸻

দময়ন্তীৰ ৰূপ বৰ্ণনা।
ছবি।

না তুমি ভূপ,  দময়ন্তী ৰূপ,
  মদনো মোহক যায়।
দেখি তাৰ দেহা,  যোগীয়ো তৰধ,
  সুৱলীত তাৰ কায়॥
মুখ পূৰ্ণশশী,   অধবত হাঁসি,
 বাক্য় তাৰ সুধাময়।
ভ্ৰুব কামধনু,  কামে দহে তনু,
  কান্তি তাৰ হেমময়॥