পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
নল-দময়ন্তী।


পকা আম খাই কুলি সুললীত গাৱে।
দেখি শুনি বিমোহিত নল কাম ভাৱে
হংস এক দেখি ৰাজা পুলকিত মন।
ৰঙ্গাময় ঠোট খানি পখী কেছা সোণ॥
অনেক প্ৰবন্ধে ৰাজা হংসক ধৰিলা।
অতি বঙ্গমনে ৰাজা কহিবে লাগিলা
শুনা ৰাজহংস কহো প্ৰতিজ্ঞা কৰিয়া।
সুবৰ্ণ পিঞ্জৰে তোক ৰাখিবো ভৰিয়া॥
নিত্যে নিত্যে মিষ্টান্নক ভোজন কৰাইবো।
ভাল হংসী আনি তোক মই বিভা দিবো॥
ৰাজাৰ বাক্যত হংসে গণিলা প্ৰমাদ।
মিনতি কৰিয়া তেবে লগাইলেক মাত॥
এড়াহা আমাক ৰাজা কৰোহো কাকুতি।
বহু পোষ্যবৰ্গ মোৰ মই পক্ষীজাতী॥
বুঢ়া বাপ মাৱ মোৰ গতি শক্তি হীন।
অবলা পোৱাঁতী ভাৰ্য্যা দেহা আতি ক্ষীণ॥
খুটী খাব নপাৰয় দুগুটী চৱাল।
মোৰ অবিহনে আতি বাঢ়িব জঞ্জাল॥
এতেকে নবধা মোক তুমি পুণ্যবান।
এড়িদিয়া যাওঁ মই আপোনাৰ স্থান॥
দেখিয়া সুবৰ্ণ পাখী যদি বধা পাছে।
তোমাৰ ভণ্ডাৰে স্বৰ্ণ অসংখ্যাত আছে॥