পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


কৰীকৰ সম উৰু নিতম্ব বহল।
খামোচত লুকাই তাৰ সুন্দৰ কঙ্কাল॥
বুকত শোভয় তাৰ পীন পয়োধৰ।
কামে উত্ৰাৱল নল বানে মদনৰ॥
বিহাৰ কৰয় নল তাহাৰ সহিত।
নিদ্ৰাভঙ্গে উঠে ৰাজা হুয়া চমকিত॥
ভাবিবে লাগিলা কিবা দেখিলোহো ময়।
কৈত আছে দময়ন্তী নাহিকে নিশ্চয়॥
কৈত গৈলা বান্ধৈ মোক এড়ি এতিক্ষণ।
তোমাৰ বিহনে পুড়ি মৰো অনুক্ষণ।
কতদিনে কেনমতে তোৰ লাগ পাওঁ॥
স্থিৰ হুয়া কাহানিনো প্ৰাণক জুড়াও।
চিন্তাত মগন নল বিকল শৰীৰ।
দহি মদনৰ বানে কৰিলা অস্থিৰ॥ .

⸻:0:⸻

নলৰ ঊপবন ভ্ৰমণ আৰু হংসৰে সাক্ষাৎ

হেনমতে দিনকত অতিপাত ভৈলা।
একদিনা নৰপতি উদ্যানক গৈলা॥
নানা জাতি ফল ফুলে ঊদ্যানক শোভে।
গুঞ্জৰিয়া মধুকৰে লড়ে মধু লোভে॥
আতি সুগন্ধিত বহে মলয়াৰ বাও।
জল ক্ৰীড়া কৰি ৰাজ হংসে কাঢ়ে ৰাও॥