পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী


চন্দ্ৰমালা জনমিলা তাহাৰ গৰ্ভত।
দয়মন্তী নামে তেহোঁ ভৈলাহ' বেকত॥
দুই স্থানে দুই জনা বাঢ়ে দিনে দিনে।
দৈবৰ নিৰ্ব্বন্ধ কাকো কেওঁৱে নাহি চিনে॥
নলৰ জনম কথা অপূৰ্ব্ব কাহিনী।
ভণিলা শ্ৰীপূৰ্ণকান্তে সেবিয়া ভৱানী॥
যিবা পঢ়ে যিবা শুনে ইটো উপাখান।
ধনে ধান্যে পুত্ৰে পৌত্ৰে বাঢ়ে অনুক্ষণ॥

⸻:0:⸻

নলৰ স্বপ্ন দৰ্শন।

নৈষধ নগৰে ৰাজা পুণ শ্লোক নল।
সতবাদী জিতেন্দ্ৰিয় দেহা সুকোমল॥
নাহিকে পাপৰ লেশ ধৰ্ম্ম কৰ্ম্মে ৰতি।
পুত্ৰৱতে প্ৰজাক পালয় নৰপতি॥
একদিনা ৰাত্ৰি যোগে শুতিয়া আছন্ত।
ভীমৰ কন্যাক ৰাজা দেখে সপোনত॥
অপৰূপ ৰূপ তাৰ দেৱ মনোলোভা।
মুখ বিনিন্দিত তাৰ পূৰ্ণচন্দ্ৰ আভা॥
বিজলি চমক যেন শৰীৰৰ কান্তি।
দালিমৰ গুটীসম দন্তৰ পংকতি॥