সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


আশীৰ্ব্বাদ কৰি চলি গৈল দ্বিজ গণ।
ভাবে ভাবে মৎস্য ৰাজা কৰিলেক দান॥
জাত কৰ্ম্ম ষষ্ঠীযাগ কৰি সমাপন।
গণক বাইলুঙ্গ আনি কৰাইল গণন॥
গণি পিটি চাই সবে বুলিলা ৰাজাক।
শুনা আষে মহাৰাজ কহিলো তোমাক॥
মহা পুণ্যবান হুইবে তোমাৰ নন্দৰ।
চক্ৰবৰ্ত্তী ৰাজা হুই শাসিব ভুবন॥
মহা গুণবান হুইব অপ্ৰমিত বল।
ৰাখিবে ইহৰ নাম পুণ শ্লোক নল॥
দিনে দিনে যুবৰাজ হোৱে গুণান্বিত।
দেখি ৰাজাৰাণী ভৈলা অতি হৰষিত॥
পাত্ৰ মন্ত্ৰী আনি বীৰসেন নৰপতি।
পুত্ৰক পাতিলা ৰাজা আনন্দিত মতি॥
কতো দিনান্তৰে ৰাজা তজি গৃহ সুখ।
কাশীত প্ৰবেশে হুয়া সংসাৰে বিমুখ
দিনকত কাশীবাস কৰি নৃপবৰ।
স্বৰ্গত চলিলা ৰাজা ত্যজি কলেৱৰ॥
সতীগৈলা ৰাজৰাণী স্বামীৰ সহিতে।
নলগৈয়া শ্ৰাদ্ধ শান্তি কৰিলা তহিতে॥
বিদৰ্ভ নগৰে ভীম নামে নৰপতি।
তান পত্নী সুমতী সে আতি গুণৱতী॥