পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


মোৰ ব্ৰত গৈয়া তৈতে কৰাহা প্ৰকাশ।
নকৰিবা ভয় তুমি কৰিলে আশ্বাস॥
ক্ষণেকতে স্বৰ্গ ভ্ৰষ্ট হুই দুই জন।
কৈলাশৰ হন্তে মৰ্ত্তো কৰিলা গমন॥

⸻:0:⸻

নলৰ জন্ম।

নৈষধত বীৰপত্নী সুমতা সুৱাগী।
শুদ্ধ চিতে সেৱে স্বামী হুৱা অনুৰাগী॥
কতো দিনান্তৰে ৰাণী ভৈলা গভৱতী।
তাহাঙ্ক দেখিয়া মহাসুখী নৰপতি॥
সেহি গৰ্ভে জয়সেন প্ৰবেশ কৰিলা।
দিনে দিনে বাঢ়ে গভ যেন চন্দ্ৰকলা॥
যতেক সদ্‌কৰ্ম্ম ৰাজা আচৰে আপোনে।
দান যজ্ঞ আদি কৰ্ম্ম কৰে দিনে দিনে॥
পঞ্চমাস যেবে আসি উপস্থিত ভৈলা।
ৰাণীৰ মুখত তেৰে পঞ্চামৃত দিলা॥
নয়মাস কাল আসি ভৈলেক যখন।
ভাত পিঠা খুৱাইলা মিলি নাৰীগণ॥
দশমাস দশদিন ভৈল সম্পূৰণ।
প্ৰসবিলা বাণী এক পুত্ৰ বিতোপন॥
বাৰ্ত্তা শুনি নৰপতি আনন্দিত মন।
বামুনক দিলা ৰাজা বহু ৰত্ন ধন ॥