পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


শুন মূঢ় জয়ৎসেন কুবেৰৰ সুত।
ইথানৰ যোগ্য তই নোহ কদাচিত॥
পৃথিবীত গৈয়া আৰে লৈয়োক জনম।
তৈত গৈয়া চৰিতাৰ্থ কৰা তুমি কাম॥
শিৱক দেখিয়া যক্ষে পাইলা চেতন॥
কান্দিবে লাগিলা তান ধৰিয়া চৰণ॥
কৃপা কৰা মহাদেৱ অগতিৰ গতি।
ক্ষমা মোৰ দোষ প্ৰভু দেৱ পশুপতি॥
বালকৰ অপৰাধ পিতা নধৰয়।
অল্প দোষে গুৰুদণ্ড উচিত নহয়॥
দেবীৰ পাশক গৈয়া পাছে দুয়োজন।
চৰণত পৰি কান্দে হুয়া অচেতন॥
পিতা যদি ৰুষ্ট সুতে হোৱে কদাচিত।
জননী নকৰে ক্ৰোধ জানোহো নিশ্চিত॥
সি দুইৰ দুঃখে দেবী দুঃখিতা হুইলা
দয়া কৰি মহামায়া বুলিবে লাগিলা॥
শুন চন্দ্ৰমলা তই কুবেৰ বহাৰী।
নকান্দ নকান্দ আৰু নোহে দুঃখ ভাৰী॥
শিৱৰ অমোঘ বাক নানো খণ্ডিবাক।
পৃথিবীত জনম হুইবে লভিবাক॥
জয়ৎসেন হুইবেক ৰাজ্য অধিপতি।
মহাসুখে বঞ্চা তৈতে লভি নিজপতি॥