সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


ফুলৰ গন্ধত মত্ত মধুকৰগণ।
গুঞ্জৰিয়া পুনঃ পুনঃ মধু কবে পান॥
ডালত বসিয়া কুলি সুললীত ৰৱে।
সুমধুৰ গান প্ৰিয়া সমে বসি গাৱে॥
তাৰ মাজে আছে এক দিবা সৰোবৰ।
ৰাজহংসগণ তৈত ক্ৰীড়ে নিৰন্তৰ॥
একলে ভ্ৰময় যক্ষে সঙ্গত যুবতী।
মদনৰ শৰত দগধ ভৈলা আতি॥
আপোনাক পাসৰিলা নাহিকে চেতন।
পত্নীক ধৰিয়া বলে কৰে আলিঙ্গন॥
চন্দ্ৰমলা বোলে প্ৰভু ক্ষমিয়ো আমাক।
শিৱৰ কানন এহি দেৱে ডৰে যাক॥
ইথানত পাপকৰ্ম্ম নহৱে যুগুত।
হেন জানি এৰা মোক কুবেৰৰ পুত॥
জয়ৎসেন বোলে বান্ধৈ ৰাখা মোৰ প্ৰাণ।
চৰণত ধৰো মই দিয়া আলিঙ্গন॥
কামে বিমোহিত হুয়া যক্ষৰ তনয়।
বলে ধৰি মূঢ়মতি ভাৰ্য্যাক ৰময়॥
দৈবৰ নিৰ্ব্বন্ধ কোনে কৰিব খণ্ডন।
হেন কালে আসিলা পাৰ্ব্বতী ত্ৰিলোচন॥
দেখিয়া যক্ষৰ কাৰ্য্য দেৱ পশুপতি।
কহিবে লাগিলা হুয়া আতি ক্ৰোধমতি॥