পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


তোৰ ভকতিত মই ভৈলোহো সন্তোষ।
যিবা বৰ লাগে তই লহ মোৰ পাশ॥
বীৰসেন বোলে তেবে ষুড়ি দুই কৰ।
আন একো নলাগয় মাগো পুত্ৰ বৰ॥
ৰূপৱন্ত গুণৱন্ত হুইবে সন্তান।
ধাৰ্ম্মিক বুলিয়া লোকে কৰিব ব্যাখ্যান॥
তুষ্ট ভৈলা সদাশিৱ দিলা সেহি বৰ।
বৃষভত চড়ি গৈলা কৈলাশ শিখৰ॥
বৰ পায়া আনন্দিত ৰাজা ৰাজ্যেশ্বৰ।
দান যজ্ঞ কৰ্ম্মক কৰয় নিৰন্তৰ॥


জয়ৎসেনৰ অভিশাপ।

পদ।  আত অনন্তৰ কথা আতি বিতোপন।
 মন দিয়া শুনা আবে নল কোন জন॥
 জয়ৎসেন নামে এক কুবেৰ সন্ততি।
 তাহান ঘৰিণী চন্দ্ৰমলা ৰূপৱতী॥
 ভাৰ্য্যাৰ সহিতে যক্ষে চাপিয়া বিমান।
 মহাৰঙ্গ মনে দুয়ো ফুৰে স্থানে স্থান॥
 কাননৰ শোভা কৈতে শক্তি আছে কাৰ।
 ফলফুলে জকমক কৰে জাতিষ্কাৰ॥
 জাতি যুতি চম্পা আদি ফুল অগণন।
 ফুলি আছে থানে খানে কি কৈবো কথন।