পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


মৃণাল সদৃশ সুকোমল ভুজ চাৰি।
শঙ্খ, চক্ৰ, গদা, পদ্ম তাহে আছে ধৰি
ব্ৰক্ষ্মা ৰূপ ধৰি প্ৰজা কৰয় স্ৰজন।
বিষ্ণু ৰূপে জগতক কৰয় পালন॥
ৰূদ্ৰ ৰূপে সংহাৰ কৰয় ত্ৰিভূবন।
হেন হৰি চৰণক কৰিয়া বন্দন॥
সৰস্বতী আইক প্ৰণমি দণ্ডৱতে।
হৰগৌৰী চৰণ বন্দিয়া যথোচিতে॥
পুণ্য শ্লোক নলৰ আখ্যানে দিলো মন
বোলা ৰাম ৰাম পাপ হওক পতন॥


বিৰসেনৰ শিৱ আৰাধনা।

পদ। নৈষধ নামত এক আছয় নগৰ।
  বীৰসেন নামে তৈত বঞ্চে নৃপবৰ॥
  মহন্ত জনব বন্ধু অতি গুণ ধাম।
  পুত্ৰৱতে পালে প্ৰজা দুষ্ট জন যম॥
  যুবকাল গৈল তান নভৈল সন্ততি।
  কায়মনোবাক্যে ৰাজা পূজে পশুপতি॥
  তাহান পূজাত তুষ্ট ভৈলেক শঙ্কৰ।
  সাক্ষাত হুইয়া বোলে মাগা ইষ্টবৰ॥