পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নল-দময়ন্তীৰ চৰিত্ৰ।


শ্ৰী কৃষ্ণায় নমঃ।

⸻:0:⸻

বন্দনা।

পদ। প্ৰণামোহো নাৰায়ণ দেৱ ভগবান।
অনাদি অনন্ত ব্ৰহ্মৰূপী সনাতন॥
নব দুৰ্ব্বাদল সম শ্যাম কলেৱৰ।
কটিত শোভস যাব স্নি পীতাম্ব॥
শ্ৰীবৎস কৌস্তুভ বক্ষে গলে বনমালা।
কেশ পাশ শোভে যেন কাদম্বিনী বালা॥