পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
নল-দময়ন্তী।


কিৰীটি কুণ্ডল,  কৰে জ্বল মল;
  কোটী সূৰ্য্য জিনি তেজ॥
বধিয়া কংশক,  তুষিলা দেৱক;
  ধৰি গোবৰ্দ্ধন গিৰি॥
বুদ্ধ ৰূপ ধৰি,  তুমি দেৱ হৰি;
  ভক্তক কৈলা উদ্ধাৰ।
কল্কিৰূপে তুমি,   অবতৰি ভুমি;
  ম্লেচ্ছৰ চিন্তিবা মাৰ॥
ম অকিঞ্চন,  কৰা কৃপা দান;
  ব্ৰহ্মৰূপী সনাতন।
নমাগোহোঁ আন,  শ্ৰীচৰণে স্থান;
  দিয়া মোক ভগৱান॥
নবীন নীৰদ,  শ্যাম কলেৱৰ;
  নিলেন্দীবৰ লোচন।
বল্লবী নন্দন,   জগত কাৰণ;
  গোপালে কৰো বন্দন॥
গলে বন মালা,  বক্ষত কৌস্তুভ;
  হাতত মোহন বাঁশী।
মূৰতি সুবেশ,  দেৱ হৃষীকেশ;
  সদাই আছন্ত হাসি॥
ত্ৰিভঙ্গ ভঙ্গিমা,  অনন্ত মহিমা;
  আজানু লম্বিত ভুজ।