এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
নল-দময়ন্তী।
দৈবকীত জাত, ভৈলা তুমি তাত;
বাসুদেৱ নাম ধৰি।
মুৰতি শূকৰ, তুমি দামোদৰ;
ভৈলা প্ৰভু দেৱ হৰি।
দন্তত ধৰিয়া, প্ৰকাশিয়া মায়া;
পৃথিবী দিলা উদ্ধাৰি॥
নৰসিংহ ৰূপে, জগতৰ বাপে;
বধিলা হিৰণ্য বীৰ।
প্ৰহলাদে অভয়, দিলা দয়াময়;
দেৱক কৰিলা স্থিৰ॥
হুইয়া বামন, দেৱ নাৰায়ণ;
বেদত ভৈলা পাৰ্গত।
বলিক ছলিয়া, পাতালে স্থাপিয়া;
ৰাখিলা ইন্দ্ৰে স্বৰ্গত॥
দগ্নি সুত, পৰশু কন্ধত;
ধৰিয়া দেৱ মুৰাৰী।
একবিংশ বাৰ, পৃথিবীৰ ভাৰ;
হৰিলা ক্ষত্ৰিয় মাৰি॥
শৰথ ঘৰে, দেৱ দামোদৰে;
অৱতাৰ ভৈলা আসি।
বধিয়া ৰাৱণ, ভাই কুম্ভকৰ্ণ;
ৰাখিলা স্বৰ্গ নিবাসী॥