পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
নল-দময়ন্তী।


ধন সোণ হাতী ঘোড়া কৰিলন্ত দান।
অদৰিদ্ৰ কৰিলা নৈষধ ৰাজ্য খান॥
নিজ পুত্ৰে ৰাজা পাতি নল মহামতি।
দেহ এড়ি গৈলা স্বৰ্গে ভাৰ্য্যাৰ সংহতি॥
পুত্ৰ বোহাৰীক পাই কুবেৰ ঘৰিণী।
মহানন্দে পুলকিত ভৈলেক আপুনি॥
নলৰ চৰিত্ৰ জানা অপূৰ্ব্ব কথন।
যিবা পঢ়ে যিবা শুনে নল উপাখ্যান॥
ধনে ধান্যে পুত্ৰে পৌত্ৰে বাঢ়ে অনুক্ষণ।
কলি ভয় খণ্ডে তাৰ বাঢ়য় সন্মান॥
যাৰ ঘৰে থাকে এহি নলৰ চৰিত্ৰ।
লক্ষ্মী সঙ্গে নাৰায়ণ সদা বঞ্চে তৈত॥
অগ্নি ভয় জ্বৰ চোৰ ভয় মৃত্যু ভয়।
পাপ তাপ শোক দুঃখ সব হয় ক্ষয়॥
ৰাজদণ্ড যমদণ্ড অকাল মৰণ।
ভূত প্ৰেত ক্ষেত্ৰপাল গন্ধৰ্ব্ব চাৰণ॥
নলৰ চৰিত্ৰ পুথি থাকে যাৰ ঘৰে।
ইসকল পীড়া তাঙ্ক ধৰিবে ন পাৰে॥
বন্ধ্যানাৰী পুত্ৰ পাৱে একান্তে শুনিলে।
জ্ঞান বৃদ্ধি বল বৃদ্ধি হোৱে চিৰকালে॥
নৃপতিৰ বাঢ়ে ৰাজ্য ব্ৰাহ্মণৰ জ্ঞান।
মাৰ যেই বাঞ্চা সিদ্ধি হোৱে অনুক্ষণ॥