পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
নল-দময়ন্তী।


লিখোতাৰ পৰিচয়।

কৃষ্ণাত্ৰেয় নামে ঋষি জগতে বিদিত।
কৃষ্ণাত্ৰেয়াত্ৰেয় ত্ৰি প্ৰবৰ সুবিখ্যাত॥
তাহান গোত্ৰজ কৃষ্ণচৰণ সুধীৰ
ভৈলাহা হৃদয়ানন্দ তান পুত্ৰবৰ॥
জয়ানন্দ তান পুত্ৰ দেখন্তে সুন্দৰ।
শ্ৰীনাথ তাহান পুত্ৰ আতি সদাচাৰ॥
তান পুত্ৰ সুৰেশ্বৰ সৰ্ব্বত্ৰ বিখ্যাত।
জ্ঞানী দানী ধৰ্ম্মৱন্ত বিদ্যাত পাৰ্গত॥
গৌৰীসাগৰ দেৱালয়ে সদা পূজা কৰে।
মহাৰাজা বহুবৃত্তি দিলন্ত তাহাৰে॥
যৈসানি ইংৰাজ আসি ৰাজ্যক গ্ৰাসিলা।
দেৱালয় হন্তে তান বৃত্তি ছেদ ভৈলা॥
ব্ৰাহ্মণ পুখুৰী গ্ৰাম ঝাঝিঁ নদী তীৰ।
সেহি স্থানে ঘৰ বাড়ী কৰিলা সুধীৰ॥
গৰ্গ গোত্ৰে জনম গোপাল বিপ্ৰবৰ।
পৰাণ তাহান পুত্ৰ দেখন্তে সুন্দৰ॥
তনুৰাম তান পুত্ৰ সৰ্ব্বশাস্ত্ৰ জ্ঞাতা।
তাহাৰ নন্দিনী ভদ্ৰা ৰূপ গুণ যুতা॥
জ্ঞানবান সুৰেশ্বৰে কৈলা পৰিণয়।
উমাকান্ত নামে তান ভৈলেক তনয়॥