পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
নল-দময়ন্তী।


নল দময়ন্তীৰ স্বৰ্গাৰোহণ।

কুবেৰ ঘৰিণী জ্বলে পুত্ৰশোকে তৈত।
নিত্যে নিত্যে মহামায়া পূজে যথোচিত॥
প্ৰসন্ন হইয়া দেবী বুলিলা বচন।
নকান্দা কুবেৰ পত্নী স্থিৰ কৰা মন॥
জয়ৎসেন পুত্ৰ তোৰ আসিব সত্বৰ।
শাপ অবসান ভৈল নাহি চিন্তা আৰ।
ৰাত্ৰি শেষভাগে ৰাজা শুতিয়া আসন্ত।
দিব্য কন্যা ৰূপ ধৰি ৰাজাক মাতন্ত॥
উঠ উঠ ৰাজা আৰু কত নিদ্ৰা যাস।
আমি কাতায়নী আবে চক্ষু মেলি চাস॥
আৰু কত কাল তুমি বঞ্চিবাহা ক্ষিতী।
প্ৰভাততে যাব লাগে কুবেৰ বসতি॥
কুবেৰৰ পুত্ৰ তুমি শিৱ অভিশাপে।
স্বৰ্গভ্ৰষ্ট হুই আসি আছা মহা তাপে॥
পূৰ্ব্ব কথা স্মৰণ কৰাইলোঁ নিৰন্তৰে।
তোমাৰ জননী সদা শোকে পুড়ি মৰে॥
সপোন দেখিয়া নল ভৈলা চঞ্চলিত।
প্ৰভাততে উঠি ডকাই আনে পাত্ৰ মিত্ৰ
ইন্দ্ৰসেন পুত্ৰক কৰিলা অভিষেক।
মহানন্দে নাচে গাৱে যত প্ৰজা জাক॥