পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নল-দময়ন্তী।


কিবা কৰো কৈক যাওঁ ভাবিয়া নপাওঁ।
শৰণ লৈবাক মই কাৰ গুৰি যাওঁ॥
এত চিন্তি সিংহাসন ত্যজিলা পুষ্কৰ।
আগ বাঢ়ি আসি নলে ভেণ্টিলা সত্বৰ॥
গল বস্ত্ৰ হুই তেবে যুড়ি দুই কৰ।
চৰণৰ তলে পড়ি কান্দিলা বিস্তৰ॥
দয়াৰ সাগৰ নল দেখিয়া ভ্ৰাতৃক।
কৰিলা অভয় দান এড়িয়া ক্ৰোধক॥
দুই ভাই আলিঙ্গন কৰিলা কৌতুক।
শুনিয়া সকল প্ৰজা ভাবে মহা সুখ॥
পুষ্কৰক দিলা ৰাজা কিছু অধিকাৰ।
আপুনি বসিল ৰাজা পাটে আপোনাৰ॥
ধৰ্ম্মৰ বিচাৰ কৰি পালে প্ৰজাগণ।
দুষ্টক দনিয়া কৰে শিস্টক পালন॥
ধৰি বান্ধি চোৰ চণ্ডালক কৰে দণ্ড।
বাহুবলে শাসে ৰাজা প্ৰতাপ প্ৰচণ্ড॥
ৰাজাৰ ভয়ত কেওঁৱে নকৰে কুকৰ্ম্ম।
সদাচাবী ভৈল প্ৰজা এড়িল অধৰ্ম্ম॥
শ্ৰাদ্ধ হোম ব্ৰত যজ্ঞ কৰে প্ৰজাগণ।
ৰাম ৰাজ্য প্ৰায় সুখ ভুঞ্জে সৰ্ব্বজন॥
শস্য পূৰ্ণা বসুন্ধৰা নলৰ ৰাজ্যত।
দূৰ ভৈলা ৰোগ শোক দুঃখ তাপ যত॥

⸻:0:⸻