পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
নল-দময়ন্তী।


অজ্ঞাতৰ দোষ যত ক্ষমিও আমাক।
শুনিয়া নৈষধ তেবে বুলিলন্ত বাক॥
কলিত আচ্ছন্ন মতি হুয়া নিৰাশ্ৰয়।
মুখতে বঞ্চিলো মই তোমাৰ আলয়॥
বিপদৰ বন্ধু তুতি অযোধ্য়াৰ পতি।
তুমি সে পৰম বন্ধু জানিলো সম্প্ৰতি॥
সুখে মিজ ৰাজ্যে সখা কৰাহা গমন।
এহি বুলি নল ৰাজা কৈলা আলিঙ্গন॥
আলিঙ্গন আহলাদ লভিয়া নৰপতি।
ৰখত চড়িয়া দেশে গৈলা শীঘ্ৰগতি॥
তেবে নল নৰপতি বোলে শ্বশুৰক।
দিওক অনুজ্ঞা মই যাওঁ স্বদেশক॥
জামাইৰ বচন শুনি বিদৰ্ভ ঈশ্বৰ।
হাতি ঘোড়া ৰথ ৰথী দিলা বহুতৰ॥
পদাতিক সৈন্য ৰাজা দিলন্ত অপাৰ।
নিজ ৰাজ্যে আইল নল শুনিলা পুষ্কৰ॥
নলক এৰিয়া কলি গৈয়া নৈষধক।
নিৰ্জ্জনে বুলিলা বাণী ৰাজা পুস্কৰক॥
এতদিনে নল দেহে ভোগ অবসান।
আপুনি ৰাখাহা তুমি আপোনাৰ নাম॥
এহি বুলি কলিবৰ ভৈলাহা অন্তৰ।
শুনি ভাবি ধাতু উড়ি গৈল পুষ্কৰৰ॥