সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
নল-দময়ন্তী।


নল দময়ন্তীৰ মিলন আৰু ৰাজ্যলৈ
পুনৰ আগমন

তেবে নল মহামতি আতি হৃষ্ট মনে।
কোলাত বৈসাই মুখ চুম্বে ঘনে ঘনে॥
দুয়ো দুজনৰ দুঃখ কহিলা শুনিলা।
হেনমতে মহানন্দে ৰজনী পুহাইলা॥
প্ৰভাততে উঠি নল স্নানাহ্ণিক কৰি।
শ্বশুৰ সমীপে গৈয়া নমে ভূমে পৰি॥
জামাতাক দেখি ৰাজা আনন্দ অপাৰ।
আলিঙ্গন চুম্বন কৰিলা বাৰম্বাৰ॥
ভীমে বোলে শুনা বাপ আমাৰ বচন।
তোমাৰ বুলিয়া জানা মোৰ ৰাজ্যধন॥
গৈল তযু ৰাজ্য তাত দুঃখ নকৰিবা।
মোৰ ৰাজ্যে থাকি তুমি ৰাজত্ব ভুঞ্জিবা॥
ঋতুপৰ্ণ শুনিলন্ত সব সমাচাৰ।
জানিল যে নল ৰাজা সাৰথি আমাৰ॥
দময়ন্তী প্ৰত্যশা এড়িয়া নৰবৰ।
শীঘ্ৰগতি গৈলা যৈত নৈষধ ঈশ্বৰ॥
ঋতুপৰ্ণ বোলে ভাগ্য আছিল যে মোৰ।
সি কাৰণে মিলন ভৈনেক দোহাকাৰ॥