পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
নল-দময়ন্তী।


তযু হেতু মহাৰাজ,  ত্য়জিলোহো কুললাজ,
  ত্যজিলোহো গুৰুজন ভয়॥
পূৰ্ব্বে তযু অম্বেষণে,  পাঠাইলোহো দ্বিজগণে,
  পৰ্ণাদ কহিলা সমাচাৰ।
সি কাৰণে মনে গুণি,  পঠাওঁ অযোধ্যা ভুমি,
 কৈত কাকো ন পঠালো আৰ॥
কায় বাক্য দেহ প্ৰাণে,  তোমা বিনা অন্যজনে,
 নিচিন্তোহো শয়নে সপোনে।
যদি কৰা পাপ জ্ঞান,  তোমাৰ সম্মুখে প্ৰাণ,
 ত্যজো আজি দেখা বিদ্যমানে॥
চন্দ্ৰ সূৰ্য্য বায়ু সাক্ষী,  ধৰ্ম্মক আছো অপেক্ষি,
 নাহি মোৰ মনে পাপ লেশ।
পতিব্ৰতা ধৰ্ম্ম ধৰি,  তযু পদ ধ্যান কৰি,
 আছো আবে নকৰিবা ৰোষ॥
সতীৰ কাৰুণ্য দেখি,  দেৱগণ ভৈল দুঃখী,
 আকাশত বুলিলন্ত বাণী।
শুনা নল মহামতি,  ভৈমী সতী সাধ্বী আতি,
  সম্বৰাহা পতিব্ৰতা জানি॥
ত্যজা ৰাজা মনস্তাপ,  ভৈমীৰ নাহিক পাপ,
 ৰাখিয়াছে পৱন দেৱতা।
আকাশত দৈববাণী,  শুনি নল নৃপমণি,
 খণ্ডিল মনৰ যত চিন্তা॥

⸻:0:⸻