পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
নল-দময়ন্তী।


তোমাক এড়িয়া বনে,  দেখা দেখা চন্দ্ৰাননে,
  অস্থি চৰ্ম্ম আছে মাত্ৰ প্ৰাণ।
তথাপি নগৈল প্ৰাণ,  দেখা মোক সিকাৰণ,
  নুবুজিয়া মাৰা বাক্যবান॥
কলিয়ে এড়িলে মোক,  এড়া তুমি পূৰ্ব্ব শোক,
 ক্ষমা কৰা যোডো দুই কৰ।
যবা নাৰী পতিব্ৰতা,  নধৰে স্বা কথা,
  সহে যত কৰে অনাচাৰ॥
আৰু শুনিলোহো বাৰ্ত্তা,  ভজিবাহা অন্য ভৰ্ত্তা,
  বুলিলে তোমাৰ দ্বিজবৰ।
ৰাজ্যে ৰাজ্যে গৈল দুত,  কথা অতি অদ্ভুত,
 ভৈমীৰ দ্বিতীয় স্বয়ম্বৰ॥
ঋতুপৰ্ণ বাৰ্ত্তা শুনি,  আসিয়াছে মহামানী,
 কাক ভাল দেখাহা নয়নে।
ইহেন কুৎসিত কৰ্ম্ম,  ৰাজবংশে লই জন্ম,
  পূৰ্ব্বাপৰে কৰিয়াছে কোনে॥
জীৰ্ণ বস্ত্ৰ পৰিহৰি,  পিন্ধা লয় লাস কৰি,
 সুন্দৰ নূতন বস্ত্ৰ দেখি।
এতেক বুলিয়া নল,  নিচুকি অপেক্ষি ৰৈল,
 দময়ন্তী মুখক নিৰখি॥
শুনিয়া স্বামীৰ বাণী,  যুড়িয়া যুগল পানী,
  দময়ন্তী বোলে সবিনয়।

১০