সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
নল-দময়ন্তী।.


কৈত পাইল অগ্নি আই কৈত পাইল জল।
বিনা অগ্নি জলে সেই ৰান্ধিল সকল॥
শুনিয়া ইসৰ কথা ভীমৰ নন্দিনী।
জানিলা সদয় ভৈলা দেবী কাত্যায়নী॥
আনন্দত মগ্ন হৈয়া ভৈলেক আকুল।
জানিলা পাইবো আজি ৰতন অমুল॥
কন্যা পুত্ৰ দুজনক আনিয়া যতনে।
পঠাইলা তেতিক্ষণে নল বিদ্যমানে॥
ভোজন কৰিছে ৰাজা বসিয়া কৌতুকে।
কন্যা পুত্ৰ উপনীত তাহান সম্মুখে॥
দেখিয়া পুত্ৰৰ মুখ নৃপতি অস্থিৰ।
নেত্ৰৰ দুকুল তিতে বহি নেত্ৰ নীৰ॥
আদ্যোপান্ত সৰ্ব্ব দুঃখ ভৈলেক স্মৰণ।
গদগদ্ ভৈলেক চিত্ত নোলাই বচন॥
বিষাদত মগ্ন নল ভৈলেক চিন্তিত।
ইহেন ৰতনে বিধি কৰিলা বঞ্চিত॥
নাহিকে কিঞ্চিতো দুঃখ ভৈমী স্বৰস্বৰা।
ইহেন পুত্ৰক পাই ভৈলো মই হাৰা॥
মোৰ সম দুঃখী নাহি দেখো ত্ৰিভুবনে।
আপুনি বঞ্চিত মই আপোনাৰ ধনে॥
হাতৰ গৰাস তাৰ হাততে থাকিল।
গুণি ভাবি ৰাজা আতি বিয়াকুল ভৈল।