পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
নল-দময়ন্তী।


দুই চাৰি জনী মিলি ভৈমীৰ লিগিৰী।
কুন্দ্ৰাক্ষৰ জালে চাৱে জুমাজুমি কৰি॥
দাসীগণে দেখি অতি মানিয়া বিস্ময়।
ভৈমীৰ ওচৰে যাই ধীৰে ধীৰে কয়॥
অকাৰ্য্য় ভৈলেক সখি শুনাহা বচন।
কন্যা পুত্ৰ দুটী যেবে দিলা দৰিশন॥
অস্থিৰ ভৈলেক সিটো চাহে ঘনে ঘন।
লোতক বহিয়া যায় বিচলিত মন॥
হাতৰ গৰাস তাৰ হাততে থাকিলা।
এক দৃষ্টে চাহি সেহি নিৰলে ৰহিলা॥

⸻:0:⸻



ছবি।


শুনিয়া সখীৰ বাণী,  পুলকিত দেহাখানি,
  নিশ্চয়ে জানিলা ৰাজা নল।
অতি অপৰূপ ৰূপ,  উথলিল কাম কুপ,
  কামতে ভৈলেক উত্ৰাৱল॥
বসনে বদন ঢাকি,  ঢুলু ঢুলু দুটী আঁখি,
  ধীৰে ধীৰে কৰিলা গমন।
নলৰ সমীপে যাই,  কোকিলৰ ৰাও প্ৰাই,
  দময়ন্তী লগাইলেক মাত॥
কপট কান্দোন নয়,  দেখো আজি মহাশয়,
  নকান্দা নকান্দা আৰু আত।