পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
নল-দময়ন্তী।


দাসীগণে বোলে শুনা সাৰথি সুজন।
ৰন্ধন সামগ্ৰী যত আছে আয়োজন॥
ভালে খিনি বেলি হৈল বিলম্ব নকৰি।
ৰন্ধন শালাত তুমি চলা শীঘ্ৰ কৰি॥
দাসীৰ বচন শুনি নল মহামতি।
অশ্বগণ পৰিচৰ্য্যা কৰি শীঘ্ৰগতি॥
দাসীৰ লগত চলি গৈলাহা ত্বৰিত।
ৰন্ধন গৃহত আসি ভৈলা উপনীত॥
তৈল কুণ্ড গাৱে দিয়া স্নানক কৰিলা।
ৰন্ধন সামগ্ৰী তেবে দেখিবে লাগিলা॥
দেখিলা বিবিধ দ্ৰব্য আছে আয়োজন।
জল পাত্ৰ আছে মাত্ৰ কিন্তু জল হীন॥
খৰিখেৰ আছে দেখে নাহিকে অনল।
শুদ্ধ চিত্তে আবাহন কৈলা ৰাজা নল॥
জল পূৰ্ণ ভৈল কুম্ভ জ্বলিল ইন্ধন।
মহানন্দে পাক ৰাজা কৰিলা তেখন॥
বসিলা ভোজনে ৰাজা হৰষিত মনে।
বিস্ময় মানিলা দেখি যত দাসীগণে॥
দময়ন্তী আগে গই কহিলা বচন।
শুনাহা ৰূপসী আই কৰো নিবেদন॥
ইহেন আশ্চৰ্য্য কথা কৈতো নুশুনিলো।
কিবা মন্ত্ৰ তন্ত্ৰ জানে ভাবিয়া নপাইলো॥