পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
নল দময়ন্তী।


নলে বোলে যদি এই মন্ত্ৰখানি পাওঁ।
ক্ষণেকতে ৰখ লৈয়া বিদৰ্ভক বাওঁ॥
এতেক শুনিয়া ৰাজা বাহুক কখন।
ক্ষণেক ভাবিয়া তেবে বুলিলা বচন॥
অশ্ব বিদ্যা মন্ত্ৰ যদি তুমি দিয়া মোক।
আমাৰ গণনা বিদ্যা শিখাইবোহো তোক॥
সন্মত হুইলা নল কৰাইবে শিক্ষা।
তেবে ঋতুপৰ্ণ স্থানে লইলেক দীক্ষা॥
মহামন্ত্ৰ দীক্ষা যদি লৈলা ৰাজা নল।
শৰীৰত থাকি কলি হুইলা বিকল॥
কৰ্কোটক বিষে জ্বৰা জ্বৰ কলেৱৰ।
তাতে পুনঃ মহামন্ত্ৰে কৰিলা অস্থিৰ॥
তেতিক্ষণে দেহা হন্তে হুইলা বাহিৰ।
মুখত গৰল তাৰ কাম্পে কলেৱৰ॥
কলিক দেখিয়া নল ক্ৰোধে কম্পে কায়।
কেশে ধৰি তাঙ্ক তেবে মাটীত বষায়॥
হাতে খড়গ, ধৰি ৰাজা চাহে কাটিবাক।
থৰ থৰ কাম্পে কলি হুইলা অবাক॥
কৃতাঞ্জলি কৰি কলি বোলে সবিনয়।
নবধিবা মোক তুমি ৰাখা মহাশয়॥
দময়ন্তী শাপত দগধ মোৰ অঙ্গ।
তদুপৰি দহে মোক কৰ্কোট ভুজঙ্গ॥