পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
নল-দময়ন্তী।


হেন বিদ্যা নাই যিবা নাই মোৰ শিক্ষা।
এতেকতে গণি চাই কৰিবো পৰীক্ষা।৷
ৰাজা বোলে চলা শীঘ্ৰে বিলম্ব নকৰা।
প্ৰভাততে হুইবেক ভৈমী স্বয়ম্বৰা॥
স্বয়ম্বৰ হন্তে যেবে আসিবো ঘুৰিয়া।
মোৰ বিদ্যা তুমি তেবে বুঝিবা গণিয়া॥
নল বোলে লইয়া যাইবো নকৰা সংশয়।
ক্ষণেক বিলম্ব কৰা শুনা মহাশয়॥
ফল পত্ৰ গণো মই এক এক কৰি।
পশ্চাত লইয়া যাইবো বিদৰ্ভ নগৰী॥
ৰাজা বোলে অযুগুত শুনো বাক্য তোৰ।
মাসেক গণিলে তাৰ নপাইবা ওৰ॥
নল বোলে তযু বাক্য আবে নাহি শুনো।
বিদৰ্ভক পাড়ে যাইবো আগে মই গণো॥
ৰথ হান্ত নামি ৰাজা গণিতে চলিলা।
ব্যস্তচিত্ত ঋতুপৰ্ণ হাতত ধৰিলা॥
ক্ষমা কৰাহে সাৰথি ধৰো তোৰ কৰ।
শীঘ্ৰগতি চলা যাওঁ বিদৰ্ভ নগৰ॥
হীৰা মণি মৰকত ৰাজ্য আদি ধন।
যি লাগে দিবো মই স্বৰূপ বচন॥
তিনি সত্য কাঢ়ি ৰাজা বোলে বাৰ বাৰ।
শুনিয়া নৈষধ পতি কৰিলা উত্তৰ॥