সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
নল-দময়ন্তী।


তোমাতো অধিক দুঃখ হইল আমাৰ।
এতেকতে ৰক্ষা কৰা নকৰা সংহাৰ॥
মই ঘোৰ কলি ৰাজা দিলো পৰিচয়।
ক্ৰূৰতা স্বভাৱ মোৰ ঘোৰ পাপময়॥
পাপাত্মা পৰৰ হিংসা ধৰ্ম্ম কৰো হত।
এহি মোৰ কৰ্ম্ম ৰাজা কহিলো তোমাত॥
নলে বোলে বিবাদ নাহিক সঙ্গে তোৰ।
কি কাৰণে প্ৰবেশ কৰিলি দেহে মোৰ॥
কলি বোলে শুনা ৰাজা কৰোঁ নিবেদন।
তোমাক ভজিল ভৈমী এড়ি দেবগণ॥
সেহি কথা শুনি মোৰ উপজিল কোপ।
সি কাৰণে ভুঞ্জাইলো এত দুঃখ তাপ॥
তোমাৰ পশ্চাত থাকি দ্বাদশ বৰিষ।
ছিদ্ৰ পাই তযু দেহে কৰিলো প্ৰবেশ॥
যত মানে কষ্ট পাইলা আমি সে কাৰণ।
যিবা ইচ্ছা কৰা আবে লইলো শৰণ॥
ৰাজা বোলে সমুচিত ফল দিব পাৰো।
কিন্তু মই শৰণাগতক নাহি মাৰো॥
ইকাৰণে তোক মই ক্ষমো কলিবৰ।
হেন কৰ্ম্ম কদাচিতো নকৰ বৰ্ব্বৰ॥
সন্তুষ্ট হইয়া কলি কৰিলা উত্তৰ।
শুনা ৰাজা তোমাক দিলোহো এহিবৰ॥