পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
নল-দময়ন্তী।


ঋতুপৰ্ণৰ বিদৰ্ভ-যাত্ৰা আৰু
নলৰ কলি-ত্যাগ।

পৰ্ণাদক দিলা বহুধন সোণ গ্ৰাম।
নিজ গৃহে গৈয়া বিপ্ৰে কৰিলা বিশ্ৰাম॥
সুদেৱক মাতি ভৈমী বুলিলা বচন।
অযোধ্য়া ৰাজ্যত প্ৰভু কৰাহা গমন॥
এহি পত্ৰ লৈয়া তুমি যাহা এতিক্ষণ।
পত্ৰ দিয়া ঋতুপৰ্ণে বুলিবা বচন॥
দময়ন্তী ইচ্ছিল দ্বিতীয় স্বয়ম্বৰ।
যত ৰাজাগণ গৈলা বিদৰ্ভ নগৰ॥
বহুদিন ভৈল স্বয়ম্বৰৰ আৰম্ভ।
যদি ইচ্ছা থাকে যাহা নকৰা বিলম্ব॥
যদি বোলে নলে তাই কৰিলে বৰণ।
বোলা কৈত গৈল নল নাহিকে সন্ধান॥
মৰিলে কি জীলে নল নপাই বাৰতা।
অন্য পতি ইচ্ছা কৰে তাহান বনিতা॥
আজি ৰাতি প্ৰভাততে হুইব স্বয়ম্বৰ।
এতেকতে শীঘ্ৰে তুমি যাহাঁ নৃপবৰ॥
এত শুনি পত্ৰ লৈয়া চলে দ্বিজবৰ।
কত দিনে উপনীত অযোধ্যা নগৰ॥