পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
নল-দময়ন্তী।


ৰাজাৰ হাতত বিপ্ৰ পত্ৰ খানি দিলা।
পত্ৰ পঢ়ি নৰপতি বিয়াকুল ভৈলা॥
বাহুকক সম্বোধি বুলিলা ৰাজা বাণী।
শুনাহা বাহুক সাৰথিৰ শিৰোমণি॥
আজি ৰাত্ৰি প্ৰভাততে ভৈমী কামাতুৰা।
ভজিবেক অন্য পতি কৰি স্বয়ম্বৰা॥
প্ৰভাততে উত্তৰিবো কৰাহা উপায়।
উত্তম সাৰথি তুমি কৰাহা সহায়॥
আজিৰ ভিতৰে যদি তৈত মোক নিবা।
নানা ৰত্ন অলঙ্কাৰ বহু বটা পাইবা॥
একেতো প্ৰিয়াৰ শোকে দহে কলেবৰ।
পুনৰপি শুনি নল হুব স্বয়ম্বৰ॥
গুণি ভাবি ৰাজা আতি ভৈলা চঞ্চলিত।
দময়ন্তী কৰে হেন কৰ্ম্ম কদাচিত॥
শোকে দুঃখে বিৰহে কাতৰ তাৰ প্ৰাণ।
শেল হেন বিন্ধে হিয়া হাৰাইল জ্ঞান॥
মুহুৰ্ত্তেকে ধৈৰ্য্য ধৰি কৰিলা ভাবনা।
নিশ্চয় জানিলো এহি মিছা প্ৰবঞ্চনা॥
সতী সাধ্বী দময়ন্তী অনুৰক্তা মোৰ।
কৰিছে উপায় হেন কাৰণে আমাৰ॥
এত মান চিন্তি ৰাজা কৰিলে উত্তৰ।
ৰাত্ৰিৰ ভিতৰে যাইবো বিদৰ্ভ নগৰ॥