সমললৈ যাওক

পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
নল-দময়ন্তী।


ৰাহুক নামত এক ৰাজাৰ সাৰখী।
অগ্নি বিনে পাক কৰে বিকৃতি আকৃতি॥
মোৰ কথা শুনি সেহি কৰিল ক্ৰন্দন।
কুশল তোমাৰ জিজ্ঞাসিল পুনঃ পুনঃ॥
পাছে মোক মাতি সেই কৰিলা উত্তৰ।
কুল স্ত্ৰীৰ ধৰ্ম্ম এহি শুনা দ্বিজবৰ॥
সতী সাধ্বী পতিব্ৰতা নাৰী যেই জনী।
প্ৰাণান্তে স্বামীৰ দোষ গুপ্তে ৰাখে ধনী॥
মূৰ্খ কিম্বা ধন হীন হোৱে যদি পতি।
অধৰ্ম্ম অন্যায় কৰ্ম্ম কৰে নিতি নিতি॥
সতী পত্নী পতি দোষ নধৰে আপোনে।
পতিৰ দোষক ৰাখে আতি সঙ্গোপনে॥
তাৰ এই বাক্য শুনি আইলো শীঘ্ৰগতি।
উপায় কৰাহা আবে যিহৱে যুগুতি॥
এত শুনি দময়ন্তী বিষন্ন বদন।
জননীক গৈয়া কহিলন্ত বিবৰণ॥
শুনাহা জননী ধৰো চৰণে তোমাৰ।
সুদেৱ ব্ৰাহ্মণে তুমি মাতাহা এবাৰ॥

⸻:0:⸻